Show/Hide Keyboard Layout

তেজৰ বোলেৰে

- বিষ্ণুপ্ৰসাদ ৰাভা

তেজৰ বোলেৰে লিখি যাম ইতিহাস

মছি যাম দীন সমাজৰ হীন পৰিহাস

কত ছহীদৰ দুখৰ জীৱনী লিখা

কত ব্যথিতৰ বেদনাৰ ছবি অঁকা

পৃথিৱীৰ চিৰ মুকুতিৰ পথ ৰেখা

ৰচি যাম বহু শোষিতৰ হা-হুতাশ ।

 

ধৰণী কোলাত ৰঙা পোৱালেৰে গুঁথি

কলিজা নিঙাৰি তেজৰ টুপিৰে মথি

গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি

জেউতিৰ নৱ জিলিকণি দিম মেলি ।

 

গাম পীড়িতৰ চিৰ বিজয়ৰ গান

ফিৰাই আনিম দলিতৰ সন্‌মান

মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ

আনিম ধৰাত চিৰ শান্তিৰ আভাস ।

 

গঢ়ি যাম নৱ জীৱনৰ নৱ ৰবি

নৱ সমাজৰ নবীন সেউজী কবি

গাই যাম নৱ পৃথিৱীৰ জয় গান

ফিৰাই আনিম দলিতৰ সন্‌মান

নৱ মানৱত ছটিয়াম নৱ প্ৰাণ

আনিম ধৰাত চিৰ শান্‌তিৰ আভাস ।

 

Hits: 1572